দুচকুৰে নীলাৰে

মাজতে ম‍ই আছোঁ নে ?

তৰা জ্বলা আকাশত

নীহাৰিকা ম‍ই নে ?

ভাবৰ ডাৱৰে তোমাৰ

আৱৰেহি মোক

প্ৰতিটো প্ৰহৰ ।

 

দুচকুৰে নীলাৰে

মাজতে তুমি

তৰা জ্বলা আকাশত

নীহাৰিকা তুমি

তোমাৰ চকুৰে পোহৰ

বিজুলী হৈ চুমেহি মোক ।

 

মোৰ পৃথিৱী যেন

চিৰ নতুন

তুমি এষাৰ মাতিলে

দুচকুৰে নীলাৰে

মাজতে তুমি ম‍ই ।

 

দোলনি দিলে বুকুতে

সেউজীয়া হাঁহিয়ে

এই হাঁহি চিৰদিনৰ,

প্ৰাণ পালে হেঁপাহে

তোমাৰ উশাহে উশাহে

এই হেঁপাহ চিৰকালৰ,

তোমাৰ হাঁহিৰে ভৰে

প্ৰতিটো পুৱা

প্ৰতিটো নিশা

দুচকুৰে নীলাৰে

মাজতে তুমি ম‍ই

তৰা জ্বলা আকাশত

নীহাৰিকা তুমি ম‍ই ।

 

সুন্দৰৰে ৰূপতে

মৰমে আহি নামিলে

এই মৰম মোৰ প্ৰাণৰ,

সাৰ পালে শবদে

নিৰৱে থাকি হঠাতে

এই শবদ মোৰ গানৰ,

তোমাৰ বুকু নিগৰি

নিগৰি নামে

ৰূপহী ফাগুন

দুচকুৰে নীলাৰে

মাজতে তুমি ম‍ই

তৰা জ্বলা আকাশত

নীহাৰিকা তুমি ম‍ই ।।